খাৰঘুলিৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সুমিত্ৰা ৰাভা দাসৰ নিকটাত্মীয়ক ৩ লাখ টকাৰ আৰ্থিক সাহায্যৰ চেক্ প্ৰদান মন্ত্ৰী অশোক সিংহলৰ
গুৱাহাটীঃ ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি খাৰঘূলিৰ দুৰ্ভাগ্যজনক পানীৰ পাইপ বিস্ফোৰণৰ ঘটনাত অকালতে প্ৰাণ হেৰুওৱা প্ৰয়াত সুমিত্ৰা ৰাভা দাসৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালটিক সমবেদনা জ্ঞাপন কৰাৰ লগতে তেওঁৰ নিকটাত্মীয়ৰ হাতত মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা ৩ লাখ টকা আৰ্থিক সাহায্যৰ এখন চেক্ প্ৰদান কৰে। এই কাৰ্যসূচীত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা তথা স্থানীয় ৱাৰ্ডৰ পাৰিষদগৰাকীও মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত আছিল।