ashomiyapatrika.com

জোনালী নাথৰ মৃত্যুত অসম প্ৰাদেশিক যোগী সন্মিলনীৰ প্ৰতিক্ৰিয়া

0 50

অতি সোনকালে হত্যাকাৰীক কৰায়ত্ব কৰি দৃষ্টান্ত মূলক শান্তিৰ আহ্বান প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ধীৰেন নাথৰ

টিপলাইঃ গোৱালপাৰা জিলা বাকাইটাৰীৰ মটিয়া গাওঁৰ পঞ্চায়তৰ সদস্যা, বিজেপিৰ গোৱালপাৰা জিলা সমিটিৰ সম্পাদিকা, নিষ্ঠাবান আৰু পৰিশ্ৰমী ৰাজনৈতিক নেত্ৰী তথা নাথযোগী সম্প্ৰদায়ৰ উদ্যমী আৰু আগৰণুৱা মহিলা জোনালী নাথক কোনো দুৰ্বৃত্ত‌ই যোৱাকালি নৃশংস ভাৱে হত্যা কৰি ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পেলাই থৈ যোৱা কাৰ্যক তীব্ৰ গৰিহণা দিছে অসম প্ৰাদেশিক যোগী সন্মিলনীয়ে। প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ধীৰেন নাথে সংবাদ মাধ্যমক জানিবলৈ দি কয় যে জোনালী নাথৰ হত্যাই আমাক গভীৰ ভাৱে মৰ্মাহত কৰাৰ লগতে উৎকন্ঠিত আৰু ক্ৰোধান্বিত কৰি তুলিছে৷ সাম্প্ৰতিক সময়ত আমাৰ অসমত ক্ৰমবৰ্ধমান গতিত বাঢ়ি অহা হত্যা

হিংসা আদি কাৰ্য‌ই বিশেষকৈ মহিলাৰ ওপৰত হোৱা নিৰ্যাতন আৰু অত্যাচাৰে জনজীৱন বিপৰ্যস্ত কৰি তুলিছে। আৰক্ষী তথা প্ৰশাসনে জোনালী নাথৰ হত্যাকাৰীক এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই৷ শাসকীয় দলৰ এগৰাকী মহিলা নেত্ৰীয়েই যদি এইদৰে আততায়ীৰ হাতত প্ৰাণ হেৰুৱাব লগা হয় তেতিয়াহলে সাধাৰণ নাগৰিকৰ নিৰাপত্তা কত বুলি প্ৰশ্ন উত্থাপন হৈছে ? আমি অসম প্ৰাদেশিক যোগী সন্মিলনীয়ে অসম চৰকাৰ তথা গোৱালপাৰা জিলাৰ আৰক্ষী প্ৰশাসনক অনতিপলমে হত্যাকাৰীক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ অতি দৃঢ়তাৰে দাবী জনাইছে৷ জোনালী নাথৰ মৃত্যুত তেখেতৰ শোকসন্তপ্ত

পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনোৱাৰ লগতে এই বিপদ আৰু সন্তাপৰ সময়ত  অসম প্ৰাদেশিক যোগী সন্মিলনী তেখেত সকলৰ কাষত সদায় আছে বুলি জানিবলৈ দি প্ৰাদেশিক যোগী সন্মিলনীৰ প্ৰতিনিধি দলে অনতি পলমে গোৱালপাৰাৰ আৰক্ষী অধীক্ষকক লগ কৰি দোষীক অতি সোনকালে চিনাক্ত কি দৃষ্টান্ত মুলক শান্তিৰ দাৱী জনায়৷

Leave A Reply

Your email address will not be published.