বকোৰ যোগিত বনৰীয়া হাতীৰ গচকত পতি পত্নী নিহতঃ শোকাচন্ন পৰিবেশ
বকোৰ পৰা বিষ্ণুৰাম দাসঃ ৰাজ্যৰ বনাঞ্চল সংকুচিত হোৱাৰ বাবে বনৰীয়া জীৱ-জন্তুৰ বিচৰণ স্থলীত পৰিণত হৈছে জনাঞ্চল সমুহ। সেয়ে সঘনাই সংঘটিত হৈ আহিছে হাতী মানুহৰ সংঘাট। এই সংঘাটৰ পৰিণতিত আজি কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বামুণীগাওঁ নগলডোঙাৰ যোগিত অঘটন সংঘটিত হৈছে। যোগিৰ পাহাৰৰ নামনিত বনৰীয়া হাতীয়ে আচৰি আচৰি মাৰিলে এহাল দম্পত্তীক ৷ বনৰীয়া হাতীৰ আক্ৰমণত নিহত হোৱা দম্পতী হালৰ নাম ফুলেশ্বৰ ৰাভা আৰু নীলিমা ৰাভা বুলি
জানিব পৰা গৈছে ৷ দুয়োৰে ঘৰ বকোৰ ২ নং কোচপাৰাত ৷ বামুণী গাওঁ বনাঞ্চালিক কাৰ্যালয়ৰ অন্তৰ্গত নগলডোঙা পাহাৰৰ নামনিত সংঘটিত হয় এই কৰুণ ঘটনা ৷ খেতি কৰাৰ বাবে পাহাৰৰ মাটিত দীৰ্ঘদিন ধৰি অস্থায়ী ভাৱে বাস কৰি আহিছিল দম্পত্তীহালে৷ ঘটনা স্থলীত বকো আৰক্ষী লগতে বামুণী গাওঁ আৰু শিংৰা বনাঞ্চলিক বিষয়াৰ দল উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে। এই ঘটনাই অঞ্চলটোত শোকাচন্ন পৰিবেশ বিৰাজ কৰিছে।