ashomiyapatrika.com

চৰকাৰ ব্যৰ্থঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী চিপিআই (এম-এল)ৰ

0 48

গুৱাহাটীঃ চিপিআই (এম-এল) অসম ৰাজ্যিক সমিতিৰ সম্পাদক বিবেক দাসে চৰকাৰ চলোৱাত সম্পূৰ্ণ ব্যৰ্থতা প্ৰদৰ্শন কৰা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ তৎকালীন পদত্যাগ দাবী কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নিজেই অসমৰ প্ৰধান বিপদ হৈ পৰিছে। তেঁও কয় যে চৰকাৰৰ মূল অংগ আৰক্ষী প্ৰশাসন আৰু বিত্তীয় ব্যৱস্থাত সম্পূৰ্ণ অৰাজকতা চলিছে। আৰক্ষী বিভাগত যদি অপৰাধীৰ নিয়ন্ত্ৰণ বৃদ্ধি পাইছে তেন্তে মুখ্যমন্ত্রীৰ প্ৰিয় এচাম ঠিকাদাৰ আৰু মন্ত্ৰীৰ অসমৰ ৰাজকোষ লুন্ঠণ লক্ষ্য হৈ পৰিছে। জোনমনি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই অসম আৰক্ষীৰ ভিতৰ চ’ৰাত চলি থকা চৰম আৰু ভয়াবহ অৰাজক পৰিস্থিতিক আমাৰ সমুখত

উদঙাই দিছে আৰু শেহতীয়া ভাৱে অংগনবাড়ী কৰ্মীক দৰমহা দিব নোৱাৰা, পুজিৰ অভাৱত মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকক সহযোগী অধ্যাপকলৈ পদোন্নতিৰ পৰা বঞ্চিত কৰা, ঠিকাদাৰৰ বিল আদায় দিব নোৱাৰা আৰু আনফালে গুৱাহাটীৰ কৃত্ৰিম বানপানী চাবলৈ মন্ত্ৰী অশোক সিংঘালে হেলিকপ্তাৰ ব্যৱহাৰ কৰা, মন্ত্ৰী অধ্যক্ষই ২০-২২ টা বাতানুকূল ব্যৱহাৰ কৰা আৰু জনসাধাৰণৰ পৰা বৰ্দ্ধিত হাৰত বিজুলী মাছুল সংগ্ৰহ কৰা, ফ্লাই অভাৰ উদ্বোধনৰ আগতেই উদ্বোধন খৰচৰ বিল আদায়, জাইকা খোৱা পানী প্ৰকল্পৰ কেলেংকাৰী- যাৰ পৰিণতিত গুৱাহাটী মহানগৰৰ যতে ততে পানী পাইপ ফুটি প্ৰলয় সৃষ্টি কৰা তথা মহিলাৰ মৃত্যু, অপৰিকল্পিত নিৰ্মাণ কাৰ্যৰ

ফলত দুৰ্ঘটনাত পতিত হৈ মেধাবী ছাত্ৰী প্ৰিয়াৰ মৃত্যু, গোটেই ৰাজ্যতে পথ নিৰ্মাণৰ নামত হাজাৰ হাজাৰ গছ কাটি পৰিবেশ ধ্বংস কৰা আদি ঘটনাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ জনগণৰ প্ৰতি নিষ্ঠুৰ আচৰণ, লুটপাত আৰু ঔপনিৱেশিক দৃষ্টিভংগী প্ৰকট কৰি তুলিছে। শিলসাকোত খিলঞ্জীয়া লোকসকলৰ ওপৰত মানৰ আক্ৰমণৰ দৰে বাৰে বাৰে উচ্ছেদ চলাই এই চৰকাৰে সকলো লক্ষণ ৰেখা অতিক্ৰম কৰিছে। প্ৰেছ বিজ্ঞপ্তিত দাসে কয় যে এইখন চৰকাৰ যে গণতান্ত্ৰিক ভাৱে নিৰ্বাচিত চৰকাৰ সেই কথা চৰকাৰখনে ইচ্ছাকৃতভাৱে পাহৰি পেলাইছে আৰু নিজকে মালিক আৰু ৰাইজক চৰকাৰৰ কৃপাবাহী গোলামৰ দৰে আচৰণ

কৰিবলৈ আৰম্ভ কৰিছে। চৰকাৰৰ এয়া ঔপনিৱেশিক আচৰণ আৰু বৃটিছৰ সময়তে এনে শাসন অসমৰ ৰাইজে কেতিয়াবাই ওফৰাই পেলাইছে। চিপিআই(এম-এল) অসম ৰাজ্য সমিতিয়ে অভিযোগ কৰে যে আইনৰ শাসন চলোৱাৰ শপত খাই শাসনত বহা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে আইন বৰ্হিভূত শাসন চলাইছে আৰু এই শাসনত দেশৰ আইন, জনসাধাৰণ, কোনো সুৰক্ষিত নহয়। দাসে কয় যে হিমন্ত বিস্ব শৰ্মাক মুখ্যমন্ত্রী প্ৰক্ষেপ কৰি অসমত নিৰ্বাচন হোৱা নাছিল, কিন্ত এতিয়া এনে লাগে যে তেৱেই সৰ্বেসৰ্বা। দলটোৱে কয় যে হিমন্ত বিশ্ব শৰ্মাই নিজকে মুখ্যমন্ত্রী প্ৰক্ষেপ কৰি নতুনকৈ নিৰ্বাচন খেলক আৰু নিজক শাসনৰ যোগ্য বুলি প্ৰতিপন্ন কৰক।

Leave A Reply

Your email address will not be published.