বকো চক্ৰ বিষয়া আৰু স্থানীয় বৌদ্ধিক সমাজৰ বিনম্ৰ প্ৰয়াসত ‘জীৱনৰ চন্দ বিচাৰি’ শীৰ্ষক অভিযান শুভাৰম্ভ
বকোঃ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লক্ষ্য নিৰ্দ্ধাৰণ আৰু জীৱন শৈলীৰ গতি নিৰ্ণায়ক অভিযানৰ আৰ্হি প্ৰস্তুত কৰিবলৈ কামৰূপ জিলাৰ বকোত আয়োজন কৰা হৈছে এক বিশেষ কৰ্মশালা। বৃহত্তৰ অঞ্চলটোৰ শিক্ষানুস্থান সমুহৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱনৰ লক্ষ্য নিৰ্দ্ধাৰণ আৰু জীৱন শৈলীৰ গতি নিৰ্ণায়ক অভিযান শীৰ্ষক কৰ্মশালা খন আজি বকো উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা হয়। ইফালে বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দিৱস বৰদলৈৰ আহ্বানত আজিৰ বিষয় বস্তু – চিকিৎসক হ’বলৈ প্ৰস্তূতি শীৰ্ষক বিষয়ৰ ওপৰত প্ৰশিক্ষণ কৰ্মশালা খন পৰিচালনা কৰে বিশিষ্ট সমাজ কৰ্মী মনোৰঞ্জন কলিতা, যুৱ সাংবাদিক গোবিন্দ দলৈ আৰু বিষ্ণু ৰাম দাসে।
কেৰিয়াৰ কাউন্সিলিং গাইডছৰ সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰে ডাঃ প্ৰীয়ম বৰুৱা, ডাঃ শীৱাংগী ৰায় বৰুৱা, ডাঃ নন্দিনী দাস আৰু ডাঃ সঞ্চিতা মল্লিকা বৰুৱাই। অনুস্থানত চিকিৎসক সকলে চিকিৎস্যা বিজ্ঞানৰ প্ৰাৰম্ভিক শিক্ষাৰ গুণগত মানদণ্ডৰ ওপৰত আলোকপাত কৰে। বকো হাইস্কুলৰ প্ৰধান শিক্ষক ৰাজেশ মহন্তৰ তৎপৰতাত বকো হাইস্কুলৰ সভাকক্ষত বহু কেইখন বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত আয়োজন কৰা হয় কৰ্মশালা খন। কৰ্মশালাত অংশগ্ৰহণ কৰে চক্ৰ বিষয়া দিৱস বৰদলৈ, বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° তপন দত্ত, হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ
ড° গণেশ্বৰ চহৰীয়া, বকো হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰদীপ বৰ্মন, বকো ডনবস্কো হাইস্কুলৰ অধ্যক্ষকে ধৰি বহু কেইজন বিশিষ্ট অতিথিয়ে। ইফালে প্ৰায় পাঁচ শ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। আয়োজক মনোৰঞ্জন কলিতাই আত ধৰা কৰ্মশালাখনত নিট পৰীক্ষাকে ধৰি বহু বিষয়ৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়।