ashomiyapatrika.com

গুৱাহাটীত মৰ্মান্তিক ঘটনাঃ পুৱাই ৰাজপথত প্ৰাণ গল একাদশ শ্ৰেনীৰ ছাত্ৰী প্ৰিয়া কুমাৰীৰ, ৰাজ্যজুৰি চাঞ্চল্য

0 51

গুৱাহাটীঃ পুৱাৰ এক কৰুণ ঘটনাই প্ৰান কাঢ়ি নিলে এগৰাকী মৰমলগা ছাত্ৰীৰ৷ যিটো ঘটনাক লৈ পুৱাৰে পৰা সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ পৰিবহণ বিভাগ আৰু যান বাহন আৰক্ষীৰ নিস্ক্ৰীয়তাৰ বাবেই ৰাজপথত প্ৰাণ দিবলগীয়া হৈছে ডেকা গাভৰুয়ে৷ পৰিতাপৰ বিষয় সদাব্যস্ত ৰাজধানী মহানগৰীৰ গণেশগুৰিত আজি পুৱাই পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। লখৰাস্হিত অভিজাত শিক্ষানুষ্ঠান ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত নিহত হৈছে এগৰাকী ছাত্ৰী। হাতীগাওঁস্থিত লিটিল ফ্লাৱাৰ স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী প্ৰিয়া কুমাৰী জ্যেষ্ঠ ভগ্নীৰে স্কুটিত বিদ্যালয়লৈ গৈ থকাৰ অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনা। আনহাতে

ঘটনাত গুৰুতৰ ভাৱে আহত হৈছে নিহত প্ৰিয়াৰ জ্যেষ্ঠ ভগ্নীগৰাকী। স্হানীয় ৰাইজৰ সহযোগিত তেওঁক ততালিকে ভৰ্তি কৰোৱা হৈছে হাস্পতালত। স্থানীয় লোকৰ মতে অতি দ্ৰুত বেগেৰে যোৱা ৰয়েল গ্ল’বেল স্কুলৰ এখন বাছে গণেশমন্দিৰ পাৰ হোৱাৰ পাছতে এম এল এ হোষ্টেলৰ কাষতে সংঘটিত কৰে এই দুৰ্ঘটনাটো৷ উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত হোৱা স্থানতে ৰাজপথৰ মাজলৈকে জাইকাই পাইপ মেৰামতিৰ বাবে খান্দি থৈছে এটা প্ৰকাণ্ড গাত। স্থানীয় লোকৰ মতে উন্মুক্ত অৱস্থাত থকা এই গাতটোৰ বাবেই সংঘটিত হৈছে দূৰ্ঘটনাটো৷ আনহাতে দূৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাছখনে। স্থানীয় ৰাইজে ইয়াৰ পাছতে ৰাজপথতে ৰয়েল গ্ল’বেল স্কুলৰ

আন আন বাছসমূহ আৱদ্ধ কৰি ৰাখে। ফলত গোটেই পথছোৱাত যানবাহনৰ চলাচল প্ৰায় স্তব্ধ হৈ পৰে।তাৎপৰ্যপূৰ্ণ ভাৱে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আৰক্ষী উপস্থিত হোৱাৰ পাছতে পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ পৰে। ৰাইজে আৱদ্ধ কৰি থোৱা স্কুল বাছ কেইখনক যাবলৈ দিয়াত পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ লগতে স্থানীয় লোকে আৰক্ষীক জবাবদিহি কৰে। আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ৰাইজে ১০৮ এম্বুলেঞ্চ সেৱাক ফোন কৰি সবিশেষ জনাইছিল যদিও প্ৰায় ৪৫ মিনিট পলমকৈ এম্বুলেঞ্চ গৈ ঘটনাস্থলীত উপস্থিত হয়। যাৰ বাবে স্থানীয় লোকে ৰাজপথৰ মাজতে দুৰ্ঘটনা সংঘটিত হোৱা

স্থানতে বগা কাপোৰেৰে নিহত ছাত্ৰী মীনা কুমাৰীৰ মৃতদেহ ঢাকি ৰাখে। জানিব পৰা মতে পলায়ন কৰা বাছখন বশিষ্ঠ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। আৰু চালকজনকো আটক কৰিছে। উল্লেখ্য যে একাংশৰ মতে কিন্তু দূৰ্ঘটনাটোত বাচখনৰ চালকজনৰ কোনো ভূল নাই৷ স্কুটীত আহি থকা ছাত্ৰী গৰাকীহে জাইকাই কাম কৰি থকা মাটিত পৰি পিছলি খাই বাছখনৰ চকাৰ তলত সোমাই পৰে৷ লগে লগে ঠিতাতে মৃত্যু হয় ছাত্ৰীগৰাকীৰ৷ অত্যাধিক গৰমৰ বাবে কামৰূপ মহানগৰতো সকলো শিক্ষানুষ্ঠান পুৱা ৭-৩০ বজাৰ পৰাই আৰম্ভ হোৱাত ৰাজপথত পুৱা ৭ বজাৰ পৰাই যানবাহনৰ চলাচল অত্যাধিক বৃদ্ধি পাইছে। কিন্তু ট্ৰেফিক পইণ্টসমূহত এই

সময়ছোৱাত যানবাহন নিয়ন্ত্ৰণ কৰিবলৈ নাথাকে কোনো যানবাহান আৰক্ষীৰ লোক। বিশেষকৈ গণেশগুৰিৰ পৰা হাতীগাওঁ চাৰিআলিলৈকে এই গোটেই পথছোৱাত পুৱাৰ এই সময়খিনিত ভয়ংকৰ যানজটৰ সৃষ্টি হয়। যদি ৰাজপথত পুৱাৰ সময়ত যানবাহন আৰক্ষীয়ে বাহনসমূহ নিয়ন্ত্ৰণ নকৰে অথবা ট্ৰেফিক পইণ্টসমূহত যানবাহনৰ দিক, নিৰ্দেশনা প্ৰদান নকৰে তেন্তে এনেধেৰণৰ আন বহু ঘটনা যে সংঘটিত হ’ব সেয়া নিশ্চিত। গতিকে সকলো পক্ষকে সতৰ্কতাৰে কাম কৰিবলৈ ৰাইজে আহ্বান জনাইছে৷

Leave A Reply

Your email address will not be published.