বকোৰ শিংৰা হাইস্কুলত ‘চিত্ৰক’লা’ বিষয়ক কৰ্মশালা সম্পন্ন
বকোঃ স্কুলীয়া জীৱনৰ পৰাই মানৱ সম্পদ হিচাপে গঢ় দিৱলৈ ‘চিত্ৰক’লা’ বিষয়ৰ ওপৰত এক বিশেষ কৰ্মশালা কামৰূপ জিলাৰ বকোৰ শিংৰা হাইস্কুলত অনুষ্ঠিত হয়। আজি বকো শিক্ষা খণ্ডৰ অন্তৰ্গত শিংৰা হাইস্কুলৰ ‘উদ্ভাৱনী আৰু সামুহিক শিক্ষণ কেন্দ্ৰত’ আয়োজন কৰা হয় চিত্ৰকলাৰ এক বিশেষ কৰ্মশালা। সাম্প্ৰতিক সময়ত শিক্ষিত সমাজত তথা স্কুলীয়া জীৱনত চিত্ৰাংকন আৰু চিত্ৰক’লা এক অভিনৱ বিশেষ পন্থা হৈ পৰিছে। উক্ত কৰ্মশালা খনত শিংৰা হাইস্কুলৰ প্ৰায় পঞ্চাশ গৰাকীতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ইফালে শিংৰা হাইস্কুলৰ প্ৰধান শিক্ষক ইন্দ্ৰমোহন চৌধুৰীয়ে উদ্যেশ্য বাখ্যা কৰা কৰ্মশালা খনত সমল ব্যক্তি হিচাবে অংশগ্ৰহণ
কৰে চিত্ৰকলাৰ যুৱ প্ৰশিক্ষক কৌশিক কলিতা আৰু বৰীপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অমিয় ৰয়ে। চিত্ৰক’লা কৰ্মশালা খনত অংশগ্ৰহণ কৰে বিদ্যালয় খনৰ উন্নয়ণ আৰু পৰিচালনা সমিতিৰ বিষয় ববীয়া সকলৰ উপৰিও শিক্ষক শিক্ষয়িত্ৰী ক্ৰমে খনিন্দ্ৰ মেধি, ৰাজেন বসুমতাৰী, অৰ্জুন দাস, মলয়া ৰাভা, চন্দনা দাস, চয়ানিকা দেৱী, জুনমণি মেধিকে ধৰি বহু কেইজন শিক্ষক আৰু কৰ্মচাৰী৷ কৰ্মশালা খনত চিত্ৰকলা আৰু ইয়াৰ গুণাগুণৰ ওপৰত অন্তৰঙ্গ আলাপ আলোচনা হয় বুলি জানিব দিয়ে প্ৰধান শিক্ষক ইন্দ্ৰমোহন চৌধুৰীয়ে।