উৰিষ্যাৰ বালাচৌৰৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত হল বকোৰ শিংৰা ৰেল ষ্টেচনত
বকোঃ প্ৰকৃতিয়ে যেন মানৱতাক ৰুস্ত দৃষ্টিৰে চাৱলৈ আৰম্ভ কৰিছে। প্ৰতিদিনে সংঘটিত হৈছে এটাৰ পিছত আনটো মৰ্মান্তিক ঘটনা। উল্লেখ্য যে তিনি দিন পূৰ্বে এই খন দেশৰে উৰিষ্যাৰ বালাচৌৰত সংঘটিত হৈছিল এক ভয়ংকৰ ৰেল দূৰ্ঘটনা। উক্ত ঘটনাত তিনি শতাধিক লোকৰ প্ৰাণহানি হোৱাৰ খৱৰে দেশত শংকা আৰু ভয়ৰ প্ৰতিক্ৰিয়া বিৰাজ কৰি থকা সময়তে আজি এই খন অসমৰ কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত শিংৰা ৰেল ষ্টেচনৰ নিচেই কাষতে সংঘটিত হৈছে এক ভয়ংকৰ ৰেল দূৰ্ঘটনা। উল্লেখযোগ্য যে উৰিষ্যাৰ দৰে এইবাৰ অসমত হল ভয়ংকৰ ৰেল দুৰ্ঘটনা। বকোৰ শিংৰা ৰেল ষ্টেচনৰ সমিপত বৃহৎ ৰেল অঘটন। ঘটনা প্ৰত্যক্ষ
কৰি জানিব পৰা মতে এখন মালবাহী ৰেল লাইনচ্যুত হৈ বাগৰি পৰে৷ কামাখ্যা – যোগীঘোপা ৰেল পথত সংঘটিত হৈছে এই ঘটনা৷ কয়লা ভৰ্তি ১৬ টাকৈ ডবা লাইনচ্যুত হয৷ বঙাইগাঁওৰ পৰা গুৱাহাটী অভিমুখী আছিল ৰেলখন৷ ইঞ্জিনসহ চটাকৈ ডবা বহু দুৰ চলি যায় বুলি জানিব দিয়ে প্ৰত্যক্ষ দৰ্শীয়ে৷ আবেলি ২:৩০ মান বজাত সংঘটিত হয় দুৰ্ঘটনাটো। বাতৰি লিখা সময়লৈকে কোনো হতাহতৰ খৱৰ পোৱা নাই।