অসম বিজ্ঞান সমিতি বকো শাখাৰ উদ্যোগত তিনি দিনীয়াকৈ পালন বিশ্ব পৰিবেশ দিৱসঃ সামৰণিৰ দিনা বিচিত্ৰানুষ্ঠান
বকোঃ অসম বিজ্ঞান সমিতিৰ কামৰূপ জিলাৰ বকো শাখাৰ উদ্যোগত কেন্দ্ৰীয় ভাৱে বিশ্ব পৰিৱেশ দিৱস উদ্যাপন কৰে। বকোস্থিত জৱাহৰলাল নেহৰু মহাবিদ্যালয়়ত আৰু মহাবিদ্যালয়ৰ ইকো ক্লাব, এন এছ এছ গোট, এন চি চি গোট, অমৃত প্ৰভা ৰেঞ্জাৰ টীম আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, বকো খণ্ডৰ লগতে বকো সামাজিক বনানিকৰণৰ সহযোগত এটি বৃক্ষৰোপণেৰে শুভাৰম্ভ কৰা হয় কাৰ্য্যসুচীৰ। অসম বিজ্ঞান সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ড° ধীৰেশ্বৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সজাগতা সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে কেন্দ্ৰীয় সমিতিৰ সচিব প্ৰধান মৃণাল কুমাৰ হাজৰিকাই আৰু আদৰণী জনায় মহাবিদ্যালয়খনৰ
অধ্যক্ষ ড° তপন দত্তই। অসম বিজ্ঞান সমিতিৰ মূল গীতৰ পিছতে বকো শাখাৰ সম্পাদক পৱিত্ৰ কৈৱৰ্ত্তই উপস্থিত অতিথিবৃন্দৰ চমু পৰিচয় প্ৰদান কৰি এটি গছপুলি আৰু এখন গামোচাৰে সম্ভাষণ জনায় আৰু বিগত ৩ -৪ জুনত শিছাপীঠ আঞ্চলিক হাইস্কুলত অনুষ্ঠিত হোৱা সজাগতা সভা আৰু বকো হাইস্কুলত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাৰ সম্পৰ্কে এটি চমু বৰ্ণনাত্মক ভাষণ আগবঢ়ায়। ইয়াৰ পিছতে বিচিত্ৰা অনুষ্ঠানখনিৰ মুখ্য অতিথি অসম বিজ্ঞান সমিতি, দিল্লী শাখাৰ সভাপতি তথা বিশিষ্ট পৰিৱেশ বিজ্ঞানী ড° প্ৰণৱ জ্যোতি পাটৰে ‘প্লাষ্টিক প্ৰদূষণক পৰাভূত কৰোঁ আহক’ শীৰ্ষক বিষয়ৰ ওপৰত তথ্য ভিত্তিত প্ৰদৰ্শনেৰে সজাগতামূলক সুন্দৰ বক্তব্যৰে
আটাইকে মোহিত কৰে। অসম বিজ্ঞান সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ড° কুটুবুদ্দিন আহমেদ, উপ-সভাপতি ড° অৱনী কুমাৰ দাসে পৰিৱেশ সজাগতাৰ লগতে আগন্তুক সময়ত হ’ব পৰা ভয়াৱহ পৰিস্থিতিৰ ওপৰত চমুকৈ ব্যাখ্যা কৰি সজাগ হ’বলৈ আহ্বান জনায়। নিজৰ চমু বক্তব্যৰ লগতে শলাগৰ শৰাই আগবঢ়ায় বকো শাখাৰ সভাপতি অৰবিন্দ চৌধুৰীয়ে। এই অনুষ্ঠানতে ৪ জুনত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাৰ বঁটাসমূহ বিতৰণ কৰা হয়। কামৰূপ জিলাৰ বকো অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অংশগ্ৰহণ কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ ‘ক’ শাখাত বকো হাইস্কুলৰ ৰুমিকা ৰাভাই প্ৰথম আৰু খলিহা হাইস্কুলৰ মণিশংকৰ দাসে দ্বিতীয় স্থান
আৰু ‘খ’ শাখাত শিংৰা হাইস্কুলৰে ক্ৰমে কৃপানন্দ বসুমতাৰীয়ে প্ৰথম আৰু ৰত্নেশ্বৰ বড়োয়ে দ্বিতীয় স্থান লাভ কৰে। আনহাতে ‘প্ৰদূষণ ৰোধত গছ-গছনিৰ ভূমিকা’ শীৰ্ষক ঠিতাতে লিখা ৰচনা প্ৰতিযোগিতাত শিংৰা হাইস্কুলৰে ক্ৰমে লক্ষাজিৎ বসুমতাৰীয়ে প্ৰথম, দৰ্পনা কলিতাই দ্বিতীয় আৰু অক্ষয় ৰাভাই তৃতীয় স্থান লাভ কৰে। আকৌ শ্লোগান লিখা প্ৰতিযোগিতাত শিংৰা হাইস্কুলৰে দীপান্দিতা কলিতাই প্ৰথম, দৰ্পনা কলিতাই দ্বিতীয় আৰু অনুপম দাসে তৃতীয় স্থান লাভ কৰে। বিজেতাসকলক এখনি প্ৰমাণ পত্ৰ, এটি বিজ্ঞান জেউতি কিতাপৰ টোপোলা আৰু মাননীৰে পুৰস্কৃত কৰা হয়। বকো শাখাৰ উপ-সভাপতি প্ৰবোধ দাস, বকো সামাজিক
বনানীকৰণৰ ফৰেষ্টাৰ তপন কলিতাসহ এটি দল, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, বকো শাখাৰ সমন্বয়ক মিনতি বৰ্মন, ৰেঞ্জাৰ লীডাৰ বিজয়া ডেকা, আজীৱন সদস্য ক্ৰমে গৌৰাংগ ঠাকুৰীয়া, সুৰেন চন্দ্ৰ কলিতা, হৰিদেৱ মহন্ত, সহকাৰী সম্পাদক নৱ কুমাৰ নাথ, এন এছ এছ গোটৰ সমন্বয়ক ড° মহানন্দ দাস, এন চি চি গোটৰ সমন্বয়ক ৰূপ্তালিন ইংতিপি , তথা জৱাহৰলাল নেহৰু মহাবিদ্যালয়, বকোৰ অধ্যাপক-অধ্যাপিকাবৃন্দ, আন কৰ্মচাৰীবৃন্দ, বিভিন্ন গোটৰ সদস্য তথা ছাত্ৰ-ছাত্ৰীসকল৷ ইয়াৰ পিছতে মহাবিদ্যালয়খনৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা ড° ৰেখা ছেত্ৰী ৰচিত আৰু অগ্ৰণী বেচৰকাৰী সংস্থা আৰণ্যকৰ আঁচনি প্ৰবন্ধক (জীৱিকা বিভাগ)ৰ
মানস কুমাৰ ভট্টাচাৰ্যই সুৰ কৰি কণ্ঠদান কৰা এটি পৰিৱেশ শীৰ্ষক গীত ৰাইজলৈ আগবঢ়ায় আৰু এন চি চি কেডেট ৰাধামণি বড়োৰ স্বৰচিত এটি ‘গছ’ শীৰ্ষক কবিতা পাঠ কৰে। উল্লেখ যোগ্য যে আজিৰ সভাত কেইদিনমান আগতে মৰিগাঁও বিধানসভা সমষ্টিৰ তিনিবাৰৰ বিধায়কা তথা মৰিগাঁৱত অনুষ্ঠিত অসম বিজ্ঞান সমিতিৰ ৫০ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি জোন জোনালী বৰুৱা, উত্তৰ গুৱাহাটী শাখাৰ প্ৰতিষ্ঠাপক মুখ্য উপদেষ্টা তথা উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰাক্তন অধ্যক্ষ অধ্যাপক মনীন্দ্ৰ কুমাৰ বৰুৱা, দক্ষ আৰক্ষী বিষয়া এছ আই জোনমণি ৰাভা আৰু উৰিষ্যাৰ বালাচ’ৰৰ ৰে’ল দুৰ্ঘটনাত নিহত প্ৰায় ৩০০জন যাত্ৰীৰ আটাইৰে মৃত্যুত শোক প্ৰকাশ কৰি এক মিনিট মৌনতা অৱলম্বন কৰে বুলি জানিব দিয়ে পবিত্ৰ কৈৱৰ্তই।