ashomiyapatrika.com

বিশ্ব পৰিবেশ দিৱসঃ দীঘলীপুখুৰীত ‘পৰিবেশ বচাওক, গুৱাহাটী বচাওক’ শীৰ্ষক মানৱ শৃংখল

0 54

গুৱাহাটীঃ বিশ্ব পৰিবেশ দিৱস উপলক্ষে আজি চিটিজেন ফৰাম ফৰ গ্ৰীণ গুৱাহাটীৰ উদ্যোগত তথাকথিত উন্নয়নৰ পৰা গুৱাহাটীৰ গছ গছনি ৰক্ষা কৰাৰ আহ্বানেৰে দীঘলীপুখুৰী পাৰত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ‘পৰিবেশ ৰক্ষা কৰক, ভৱিষ্যত প্ৰজন্মক জীয়াই থাকিবলৈ দিয়ক’, ‘গছ গছনি চৰাই চিৰিকতিৰ জীয়াই থকাৰ অধিকাৰ খৰ্ব কৰিবলৈ দিয়া নহ’ব’, ‘পৰিবেশ ৰক্ষা কৰক, সাধাৰণ জনতাৰ জীৱন জীৱিকাৰ ওপৰত আক্ৰমণ বন্ধ কৰক, ‘চিমেন্ট কোম্পানী আৰু ৰাজনৈতিক নেতাৰ নেক্সাসৰ পৰা গছ ৰক্ষা কৰক’, ‘পৃথিবীখন সকলোৰে বাবে উপযোগী কৰি ৰাখক’, ‘পৰিবেশ ধ্বংস কৰি নিৰ্মাণ কাৰ্য নচলিব’, ‘ৰাজহুৱা ধন লুণ্ঠনৰ স্বাৰ্থত

পৰিবেশ ধ্বংস নচলিব’, ‘তথাকথিত উন্নয়নৰ নামত গছ গছনি ধ্বংস কৰিবলৈ দিয়া নহ’ব’ আদি শ্লগান সম্বলিত প্লেকাৰ্ড লৈ শতাধিক নাগৰিকে মানৱ শৃংখলত অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰী সকলৰ ভিতৰত মাইনী মহন্ত, ইন্দ্ৰাণী দত্ত, ড° দীনেশ চন্দ্ৰ গোস্বামী, ড° সৌৰভ প্ৰাণ গোস্বামী, ড° পৰমানন্দ মজুমদাৰ, অমৃত খাটনিয়াৰ, ড° প্ৰণৱ তালুকদাৰ, মীৰা বৰঠাকুৰ, নীলিম কুমাৰ, অনুৰুপা ডেকাৰজা, পংকজ কুমাৰ দাস, প্ৰণৱ দলে, কৃষ্ণ গগৈ, সুব্ৰত তালুকদাৰ, জয়ন্ত গগৈ, ড° মধুমিতা তালুকদাৰ, অলকা ডেকা, দীনেশ গোস্বামী, সংগীতা দাস, দেৱজিৎ ভৰালী, ঋত্বিক শইকীয়া আদি বিশিষ্ট নাগৰিক আৰু সন্দিকৈ মহাবিদ্যালয়, কটন বিশ্ববিদ্যালয়সহ বিভিন্ন

শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। আনহাতে সুব্ৰত তালুকদাৰৰ পৰিচালনাত অনুষ্ঠিত প্ৰতিবাদ সভাত বিশিষ্ট নাগৰিক সকলে বক্তব্যত কয় যে গুৱাহাটী মহানগৰত উৰণীয়া সেঁতু নিৰ্মাণৰ নামত বহু বছৰৰ পুৰণি শ শ গছ কাটি ধ্বংস কৰা আৰু বৃহৎ ব্যৱসায়ী কোম্পানী আৰু শাসকীয় দল শঠা মিতিৰালীয়ে গঢ়ি উঠা চক্ৰৰ ৰাজহুৱা ধন লুণ্ঠনৰ স্বাৰ্থত তথাকথিত উন্নয়নৰ নামত গছ গছনি ধ্বংস কৰা কাৰ্যই গুৱাহাটী মহানগৰীখন মৃত মহানগৰীলৈ পৰিণত কৰিছে আৰু সাধাৰণ মানুহৰ জীৱন জীৱিকাৰ প্ৰতি প্ৰচণ্ড ভাবুকি সৃষ্টি কৰিছে। পৰিবেশ ধ্বংস কৰি চলাই যোৱা নিৰ্মাণ কাৰ্যই মহানগৰখনত অত্যাধিক উষ্ণতা বৃদ্ধি কৰিছে আৰু বায়ু প্ৰদূষণ সৃষ্টি কৰি মানুহৰ

শ্বাস প্ৰশ্বাস বিশাক্ত কৰি তুলিছে। দৰাচলতে পৰিবেশ ধ্বংসৰ চৰকাৰী নীতি কৰ্পৰেট গোষ্ঠী, বৃহৎ ব্যৱসায়ী আৰু শাসক দলৰ মন্ত্ৰী আমোলাৰ স্বাৰ্থত ৰূপায়ন কৰা হৈছে, সেয়ে চৰকাৰৰ এই নীতি সাধাৰণ ৰাইজ, শ্ৰমজীৱি মানুহৰ উন্নয়নৰ বিৰোধী আৰু ই এক ৰাজনৈতিক অৰ্থনৈতিক আক্ৰমণ। বক্তা সকলে চৰকাৰৰ পৰিবেশ বিৰোধী নীতি আৰু কাৰ্যৰ বিৰুদ্ধে আৰু গছ গছনি, চৰাই চিৰিকতি, মানুহৰ জীৱন জীৱিকা সুৰক্ষিত এখন গুৱাহাটী মহানগৰৰ হকে শক্তিশালী জনমত গঠন কৰিবলৈ ৰাইজলৈ আহ্বান জনায়। সভাই তথাকথিত উন্নয়নৰ নামত পৰিবেশ ধ্বংসৰ বিৰুদ্ধে প্ৰশাসনক গণ স্মাৰক পত্ৰ প্ৰদান, নাগৰিক অভিবৰ্তন, ঘৰে ঘৰে প্ৰচাৰ অভিযানৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.