বকোত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা আৰু বিশ্ব পৰিবেশ দিৱস উদযাপন
বকোঃ আজি বিশ্ব পৰিবেশ দিৱস। বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি কামৰূপ জিলাৰ বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ উদ্যোগত আজি কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা বকো অঞ্চলৰ কোচ ৰাজবংশী জ্ঞাতী ছাত্ৰ ছাত্ৰীক সম্বোৰ্ধনা জনায় সংগঠনটোৰ জৰিয়তে। ইফালে বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি জোন চৌধুৰী আৰু সাধাৰণ সম্পাদক নিপেন তালুকদাৰে জনোৱা মতে বকো অঞ্চলৰ কোচ ৰাজবংশী জ্ঞাতীৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষাৰ্থী সকলোক আজি সম্বৰ্ধনা জনোৱা হয়। ওকোচ ৰাজবংশী জনগোষ্ঠীৰ সদ্য ঘোষিত হাইস্কুল
শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উৰ্ত্তীণ হোৱা ভালে সংখ্যক ছাত্ৰ ছাত্ৰীক আজি সম্বৰ্ধনা জনোৱা হয়। আজিৰ সম্বৰ্ধনা অনুস্থানত উপস্থিত থাকে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ উপ সভাপতি খগেন্দ্ৰজীৎ ঠাকুৰীয়া, ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক ঐডিম্বেশ্বৰ দাস, কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰী সভাপতি অনুপম দাস, গুৱাহাটী জিলা সমিতিৰ সম্পাদক দীপক কুমাৰ ৰয়, মহিলা সন্মিলনীৰ সম্পাদিকা জয়া দাসকে ধৰি বহু কেইজন বিশিষ্ট অতিথি। অনুস্থানত বহু সংখ্যক ছাত্ৰ ছাত্ৰীক জাতীয় গামোচা, মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে সন্মানিত কৰা হয়। সম্বৰ্ধনা অনুস্থানৰ প্ৰাকক্ষণত বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি
বকোৰ চিলাৰায় ভৱনৰ চৌহদত গছ পুলি ৰোপন কৰে ডিম্বেশ্বৰ দাসে। অনুস্থানত বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰে অনুপম দাসে। অনাদী পাটোৱাৰীয়ে আত ধৰা সম্বৰ্ধনা অনুস্থানৰ শেষত শলাগৰ শৰাই আগবঢ়াই কোচ ৰাজবংশী যুৱ নেতা বিষ্ণু ৰাম দাসে।