ashomiyapatrika.com

বকোত মা মনসা দেৱীৰ মাৰে পুজাঃ ১৩৩৪ খৃষ্টাব্দতে প্ৰতিষ্ঠা হোৱা শক্তিপীঠত পূজা অৰ্চনা

0 49

বকোঃ প্ৰকৃতিৰ মানৱ সমাজৰ উপৰিও জীৱ কুলৰ মঙ্গলৰ বাবে বেদ বেদান্তৰ ৰীতি-নীতিৰে পালন কৰা হয় দেৱ দেৱীৰ পূজা-অৰ্চনা। প্ৰাপ্ত তথ্য অনুসৰি কামৰূপ জিলাৰ বকোৰ বনগাঁও বকো মৌজাৰ উদ্যোগত খাটলপাৰাস্থিত মা মনসা দেৱীৰ শক্তিপীঠত ১৩৩৪ খৃষ্টাব্দৰ পূৰ্বৰ পৰাই অৰ্থাৎ মান সৈন্যই অসম আক্ৰমণ কৰাৰ আগৰেপৰাই এই শক্তিদেৱীৰ মন্দিৰত পূজা-অৰ্চনা কৰা পৰম্পৰা চলি আছে। ইফালে যোৱা ৩১ মে’ৰ পৰা আজিলৈ চাৰি দিনীয়াকৈ পালন কৰা হয় মা মনসা দেৱীৰ মাৰে পুজা। ইফালে বনগাঁও বকো মৌজাৰ সভাপতি নৃপেন চন্দ্ৰ ৰাভা, উপ সভাপতি অমুল্য ৰাভা, প্ৰতাপ চন্দ্ৰ ৰাভা আৰু সম্পাদক দুলাল ৰাভা আৰু উপদেষ্টা হেমচৰন

কলিতাই জনোৱা মতে বনগাঁও বকো মৌজাৰ মা মনসা দেৱীৰ মাৰে পুজাত অঞ্চলটোৰ মুঠ তেত্ৰিশ খন গঞা ৰাইজ আৰু সাত খন তালুকৰ সহযোগ আছে। মাৰে পূজাত বলি বিধান ৰীতি-নীতি মতে পালন কৰা হয়। অতি পৌৰাণিক আখ্যান মতে চান্দ সদাগৰৰ কাহিনী জড়িত বিষহৰি দেৱীৰ পূজা-অৰ্চনা কৰা হয়। মাৰে পূজাৰ সকলো কাৰ্য্যসূচীতে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ সকল, ৰাজনৈতিক দলৰ বিষয় ববীয়া সকল, সামাজিক অনুষ্ঠান প্ৰতিস্থানৰ বিষয় ববীয়া সকল, অঞ্চলটোৰ কেৱাজনো গাওঁৰ গাওঁ প্ৰধানে অংশগ্ৰহণ কৰে। মাৰে পূজাত দেওধানী আৰু ওজাপালি নৃত্যত শক্তি দেৱীৰ পূজা সম্পন্ন হয় বুলি জানিব দিয়ে ভক্তপ্ৰাণ ৰাইজৰ উপৰিও বনগাঁও আঞ্চলিক ট্ৰাইবেল সংঘৰ সভাপতি চিৰাজ কুমাৰ ৰাভা, বনগাঁও বকো মৌজাৰ সহকাৰী সম্পাদক নিৰঞ্জন চৌধুৰী আৰু ৰঞ্জিত ৰাভাই।

Leave A Reply

Your email address will not be published.