ashomiyapatrika.com

বকোৰ শিংৰা হাইস্কুলত মহিলাৰ ঋতুস্ৰাৱ আৰু স্বচ্ছতা বিষয়ক কৰ্মশালা সম্পন্ন।

0 90

মহিলাৰ ” ঋতুস্ৰাৱ আৰু স্বচ্ছতা ” বিষয়ৰ ওপৰত এক বিশেষ কৰ্মশালা কামৰূপ জিলাৰ বকোৰ শিংৰা হাইস্কুলত অনুষ্ঠিত হয়। আজি বকো শিক্ষা খণ্ডৰ অন্তৰ্গত শিংৰা হাইস্কুলৰ ” উদ্ভাৱনী আৰু সামুহিক শিক্ষণ কেন্দ্ৰত ” আয়োজন কৰা হয় ঋতুস্ৰাৱ আৰু স্বচ্ছতাৰ এক বিশেষ কৰ্মশালা। মহিলাৰ ঋতুস্ৰাৱ আৰু স্বচ্ছতাৰ ওপৰত আলোকপাত কৰি আয়োজন কৰা কৰ্মশালাত সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰে ধোপগুৰী ৰাজ্যিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডা: প্ৰিয়ংকা বণিকে। আন দুগৰাকী সমল ব্যক্তি হৈছে বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা তথা অসমীয়া বিভাগৰ অধ্যাপিকা গায়ত্ৰী খাৰঘৰীয়া আৰু শিক্ষা বিভাগৰ অধ্যাপিকা মনিকা দাস। উক্ত কৰ্মশালা খনত শিংৰা হাইস্কুলৰ প্ৰায় দুই শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। শিংৰা হাইস্কুলৰ প্ৰধান শিক্ষক ইন্দ্ৰমোহন চৌধুৰীয়ে উদ্যেশ্য বাখ্যা কৰা কৰ্মশালা খনৰ আত ধৰে সহ: শিক্ষয়িত্ৰী জুনমণি মেধিয়ে। ইফালে কৰ্মশালাত অংশগ্ৰহণ কৰে বিদ্যালয় খনৰ উন্নয়ণ আৰু পৰিচালনা সমিতিৰ সভাপতি জয়ন্ত ৰাভাৰ উপৰিও কুৰি গৰাকী শিক্ষক শিক্ষয়িত্ৰী। কৰ্মশালাখনত স্বাস্থ্য সম্পৰ্কীয় এক মনোজ্ঞ অনুস্থান আৰু অন্তৰঙ্গ আলাপ আলোচনা হয় বুলি জানিব দিয়ে প্ৰধান শিক্ষক ইন্দ্ৰমোহন চৌধুৰীয়ে।

Leave A Reply

Your email address will not be published.